Mark 1

যোহন বাপ্তাইজকৰ প্ৰচাৰ

1ঈশ্বৰৰ পুত্র যীচু খ্রীষ্টৰ শুভবাৰ্ত্তাৰ আৰম্ভণ।

2যিচয়া ভাববাদীৰ পুস্তকত যেনেকৈ লিখা আছে,

“চোৱা, মই মোৰ দূতক তোমাৰ আগত পঠিয়াইছো,
তেওঁ তোমাৰ বাট যুগুত কৰিব৷
3মৰুপ্ৰান্তত ৰিঙিওৱা এজনৰ মাত এই,
1.3 মলা ৩:১; যিচ ৪০:৩

‘প্রভূৰ পথ যুগুত কৰা,
তেওঁৰ বাট পোন কৰা৷’”

4এইদৰে মৰুপ্ৰান্তত বাপ্তিস্ম কৰোতা আৰু পাপ মোচনৰ অৰ্থে মন-পালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰোঁতা যোহন আহিল। 5তাতে গোটেই যিহূদিয়া আৰু যিৰূচালেমৰ সকলো লোক তেওঁৰ ওচৰ চাপিবলৈ ওলাই আহিল আৰু নিজৰ নিজৰ পাপ স্বীকাৰ কৰি,
1.5 গীত ৩২:৫; হিতো ২৮:১৩; ১ যো ৮:১০
তেওঁৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তিস্ম ল’লে।
6সেই যোহনে উটৰ নোমৰ কাপোৰ আৰু কঁকালত ছালৰ টঙালি বান্ধিছিল৷ আৰু তেওঁ কচুৱা ফৰিং আৰু হাবিৰ মৌ খাইছিল।

7তেওঁ ঘোষণা কৰি কলে, “মোতকৈ শক্তিমান এজন মোৰ পাছত আহিছে আৰু মই, তেওঁৰ পাদুকাৰ বান্ধ তল মূৰ কৰি খুলিবৰো যোগ্য নহওঁ। 8মই আপোনালোকক পানীত বাপ্তিস্ম দিলো; কিন্তু তেওঁ পবিত্র আত্মাত বাপ্তিস্ম দিব৷
1.8 পাঁ ১:৫,৮; ২:১-৪

যীচুৰ বাপ্তিস্ম আৰু পৰীক্ষা

9সেই সময়ত যীচু গালীল দেশৰ নাচৰতৰ পৰা আহি, যোহনৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তিস্ম ল’লে। 10তেওঁ পানীৰ পৰা উঠি আহোতেই আকাশ দুফাল হৈ যোৱা আৰু কপৌৰ নিচিনা তেওঁৰ ওপৰলৈ আত্মাক নমা দেখিলে। 11আৰু এইদৰে আকাশ বাণী হ’ল যে, “তুমি মোৰ প্রিয় পুত্র৷ তোমাত মই পৰম সন্তুষ্ট।”
1.11 মলা ৩:১; যিচ ৪০:৩

12তেতিয়া আত্মাই তেওঁক মৰুপ্ৰান্তলৈ চালিত কৰি নিলে। 13সেই মৰুপ্ৰান্তত তেওঁ চল্লিশ দিনলৈকে বনৰীয়া জন্তুৰ লগত থাকোতে চয়তানৰ দ্বাৰাই পৰীক্ষিত হল; আৰু স্বৰ্গৰ দূত সকলে তেওঁৰ শুশ্রূষা কৰিলে।

যীচুৱে প্রকাশকৈ কাৰ্য কৰিবলৈ আৰম্ভ কৰা; প্রথম চাৰি জন শিষ্য

14যোহনক বন্দীশালত থোৱাৰ পাছত যীচু গালীল দেশলৈ গ’ল আৰু ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিলে৷ 15যীচুৱে প্ৰচাৰ কৰিলে আৰু কলে, “কাল সম্পূৰ্ণ হল,
1.15 গীত ৩২:৫; হিতো ২৮:১৩; ১ যো ৮:১০
আৰু ঈশ্বৰৰ ৰাজ্য ওচৰ হল৷ তোমালোকে মন পালটন কৰা আৰু শুভবাৰ্ত্তাত বিশ্বাস কৰা।”

16পাছত তেওঁ গালীল সাগৰৰ তীৰেদি গৈ থাকোতে,
1.16 পাঁ ১:৫,৮; ২:১-৪
চিমোন আৰু চিমোনৰ ভায়েক আন্দ্রিয়ক সাগৰত জাল বাই থকা দেখিলে; কিয়নো তেওঁলোক জালোৱা আছিল।
17তেতিয়া যীচুৱে তেওঁলোকক কলে, “মোৰ পাছত আহা; মই তোমালোকক মানুহ ধৰা জালোৱা কৰিম।” 18তেতিয়াই তেওঁলোকে জালবোৰ এৰি যীচুৰ পাছে পাছে গল।

19পাছত যীচুৱে অলপ দুৰ আগুৱাই গৈ থাকোতে, চিবদিয়ৰ পুতেক যাকোব আৰু তেওঁৰ ভায়েক যোহনক দেখিলে; তেওঁলোকেও নাৱত জাল মেৰামতি কৰি আছিল। 20তেওঁ তেতিয়াই তেওঁলোকক মাতিলে; তাতে তেওঁলোকে নিজৰ বাপেক চিবদিয়ক কাম কৰা বনুৱাৰ লগত নাৱতে এৰি যীচুৰ পাছে পাছে গ’ল।

21পাছত তেওঁলোকে কফৰনাহূমলৈ গ’ল আৰু তাতে গৈ বিশ্রামবাৰে নাম-ঘৰত সোমাই উপদেশ দিলে। 22তেওঁৰ উপদেশত লোক সকলে বিস্ময় মানিলে, কিয়নো তেওঁ অধ্যাপক সকলে উপদেশ দিয়াৰ নিচিনাকৈ নিদি ক্ষমতাপন্ন ব্যক্তিৰ দৰে তেওঁলোকক উপদেশ দিলে।

23সেই সময়ত তেওঁলোকৰ সেই নাম-ঘৰতে অশুচি আত্মাই
1.23 লূক ৪:৩৩-৩৭
ধৰা এজন মানুহ আছিল। তেওঁ আটাহ পাৰি কলে,
24“হে নাচৰতীয়া যীচু, আপোনাৰ লগত আমাৰ কি কাম? আপুনি আমাক নষ্ট কৰিবৰ বাবে আহিলে নে? আপুনি কোন, মই জানো৷ আপুনি ঈশ্বৰৰ পবিত্ৰ জন।” 25কিন্তু যীচুৱে তাক ডাবি দি কলে, “মনে মনে থাক আৰু ইয়াৰ পৰা বাহিৰ ওলা!” 26তেতিয়া সেই অশুচি আত্মাই এক ডাঙৰ মাতেৰে চিঞঁৰি মানুহ জনক তলত পেলাই মুচৰি তেওঁৰ পৰা বাহিৰ ওলাই গ’ল।

27তাতে সকলোৱে বিস্ময় মানি, ইজনে সিজনে সোধা-সুধি কৰি কলে, “এইটো কি? ক্ষমতাপন্ন জনৰ সৈতে এক নতুন উপদেশ! এওঁ অশুচি আত্মাকো আজ্ঞা দিয়াত, সিহঁতেও দেখোন এওঁক মানে।” 28তেতিয়া তেওঁৰ খ্যাতি গালীলৰ চৌদিশে আৰু সেই অঞ্চলৰ সকলো ঠাইলৈ বিয়পি গ’ল।

29পাছত তেওঁলোকে নাম-ঘৰৰ পৰা ওলাই আহি চিমোন আৰু আন্দ্রিয়ৰ ঘৰত সোমাল। তেওঁলোকৰ লগত যাকোব আৰু যোহনো আছিল। 30তাতে চিমোনৰ শাহুৱেক জ্বৰত অসুস্থ হৈ পৰি আছিল৷ তেতিয়াই তেওঁলোকে তেওঁৰ বিষয়ে যীচুক কলে। 31তাতে তেওঁ ওচৰলৈ আহি তেওঁৰ হাতত ধৰিলে আৰু তেওঁক উঠাই দিলে৷ তেতিয়া সেই জ্বৰে তেওঁক এৰিলে, আৰু তেওঁ তেওঁলোকৰ সেৱা শুশ্রূষা কৰিবলৈ ধৰিলে।

32পাছত বেলি মাৰ গৈ সন্ধ্যা হওঁতে, লোক সকলে সকলো ৰোগীক আৰু ভূতে পোৱা লোক সকলক তেওঁৰ ওচৰলৈ আনিলে; 33আৰু নগৰৰ লোক সকল আহি দুৱাৰ-মুখতে গোট খালে। 34তাতে তেওঁ নানা বিধ ৰোগত কষ্ট পাই থকা অনেক ৰোগীক সুস্হ কৰিলে আৰু ভূতে পোৱা বহু লোকৰ পৰা ভুত খেদালে৷ কিন্তু ভূতবোৰক একো কথা কবলৈ নিদিলে; কিয়নো সিহঁতে তেওঁক জানিছিল৷

35তেওঁ অতি ৰাতিপুৱা উঠিছিল, তেতিয়া প্ৰায় আন্ধাৰ হৈ আছিল; সেই সময়তে যীচুৱে বাহিৰলৈ ওলাই গৈ নির্জন ঠাইত প্রার্থনা কৰি আছিল। 36পাছত চিমোন আৰু লগৰবোৰে তেওঁক বিচাৰি গ’ল৷ 37পাছত তেওঁক পাই কলে, “সকলোৱে আপোনাক বিচাৰি আছে।”

38তাতে তেওঁ তেওঁলোকক কলে, “ব’লা, আমি ওচৰৰ আন ঠাইবোৰলৈ যাওঁ, সেই ঠাইবোৰতো মই ঘোষণা কৰিম; কিয়নো এই বাবেই মই ওলাই আহিলো।”
1.38 গীত ৪০:৭-৯; যিচ ৬১:১
39পাছত তেওঁ গৈ, গালীল দেশ খনৰ সকলো ঠাইতে, তেওঁলোকৰ নাম-ঘৰবোৰতো প্রচাৰ কৰিলে আৰু ভূতবোৰক খেদালে।

40তাতে
1.40 মথি ৮:২-৪; লূক ৫:১২-১৫
এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহিল; আৰু সবিনয়েৰে তেওঁৰ সন্মুখত আঁঠু লৈ কলে, “আপুনি যদি ইচ্ছা কৰে, তেন্তে মোক শুচি কৰিব পাৰে।”
41তেতিয়া তেওঁৰ মৰম লাগিল আৰু হাত মেলি তেওঁক চুই কলে, “মই ইচ্ছা কৰিছোঁ৷ শুচি হোৱা।” 42তেতিয়া তেওঁৰ শৰীৰৰ পৰা কুষ্ঠ ৰোগ আতৰিল আৰু তেওঁ শুচি হ’ল।

43যীচুৱে তেওঁক কঠোৰ আজ্ঞা দি বিদায় দিলে। 44যীচুৱে তেওঁক কলে, “সাৱধান হোৱা; কোনো ব্যক্তিক একো নকবা; কিন্তু যোৱা, পুৰোহিতৰ ওচৰত গৈ নিজকে দেখুওৱা আৰু তুমি শুচি হবৰ অৰ্থে মোচিয়ে যি যি উ‌‌ৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে, তেওঁলোকক সাক্ষ্য দিবৰ বাবে সেইবোৰ উ‌‌ৎসৰ্গ কৰাগৈ।

কিন্তু তেওঁ ওলাই গৈ সকলোৰে আগত ঘোষণা কৰিবলৈ ধৰিলে৷ আৰু এই কথা এনেধৰনে প্রকাশ হবলৈ ধৰিলে যে, যীচুৱে প্রকাশ্যৰূপে কোনো নগৰত সোমাব নোৱাৰা হ’ল৷ তেওঁ গৈ বাহিৰত নিৰ্জ্জন ঠাইবোৰত থাকিবলগীয়া হ’ল যাতে চাৰিওফালৰ পৰা লোক সকলে তেওঁৰ ওচৰলৈ আহিব পাৰে।

45

Copyright information for AsmULB